Nima Denzongpa: সুৰভি দাসৰ পিছত সুকন্যা বৰুৱা, ৰাষ্ট্ৰীয় টেলিভিচনত অসমৰ শিল্পীৰ দপদপনি

0
6927
Sukayana Baruah
সুকন্যা বৰুৱা
Google search engine

ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে অসমৰ ইজনৰ পিছত সিজন উদীয়মান শিল্পী। প্ৰতিভাধৰ অসমীয়া শিল্পীৰ প্ৰতিভা এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃত হৈছে। সুৰভি দাসৰ পিছত অভিনেত্ৰী সুকন্যা বৰুৱাই সুযোগ পাইছে কালাৰ্ছ টিভিৰ ধাৰাবাহিকত অভিনয়ৰ। নীমা ডেনজংপা (Nima Denzongpa) নামৰ ধাৰাবাহিকখনৰ এটা বিশেষ চৰিত্ৰত অভিনয়ৰ সুযোগ ২২ বছৰীয়া অভিনেত্ৰীগৰাকীলৈ।

ইতিমধ্যে কালাৰ্ছ টিভিত সম্প্ৰচাৰিত ছিৰিয়েলখনে অভূতপূৰ্ব জনপ্ৰিয়তা অৰ্জন কৰিছে। উঃ-পূবৰ যুৱতী-মহিলাসকল দিল্লী-মুম্বাই বা বহিঃৰাজ্যলৈ গলে কি পৰিস্থিতিৰ সন্মুখীন হব লগা হয় অথবা শাৰীৰিক গঠনক লৈ কিদৰে ঠাট্টা-মস্কৰা বা বৰ্ণবাদী মন্তব্য আৰু ব্যৱহাৰৰ সন্মুখীন হয় তাক দেখুওৱা হৈছে। ধাৰাবাহিকখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে অসমৰ সুৰভি দাসে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here