Sunday, January 23, 2022
HomeDesignInteriorsNovak Djokovic: কোভিডৰ বাবেই বাদ পৰিল অষ্ট্ৰেলিয়ান টুৰ্নামেণ্টত অংশগ্ৰহণৰ সুযোগ,চাৰি নিশা কটাব...

Novak Djokovic: কোভিডৰ বাবেই বাদ পৰিল অষ্ট্ৰেলিয়ান টুৰ্নামেণ্টত অংশগ্ৰহণৰ সুযোগ,চাৰি নিশা কটাব লগীয়া হৈছে ডিটেনশ্বন কেম্পত

অষ্ট্ৰেলিয়াই তিনি বছৰৰ কাৰণে ন’ভাক জ’ক’ভিকৰ ভিছা বাতিল কৰাৰ লগতে তিনিবছৰীয়া নিষেধাজ্ঞা আৰোপ কৰিছে ৷ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰি মতে কোভিডজনিত বিধি-নিয়ম উলংঘা কৰাৰ বাবেই জ’ক’ভিকৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ এখন বহুল প্ৰচাৰিত আন্তঃৰাষ্ট্ৰীয় দৈনিক বাতৰি কাকতে প্ৰকাশ কৰা খবৰ মতে এটা বিশেষ কোভিড-১৯ ভেকচিন গ্ৰহণ নকৰাকৈয়ে অষ্ট্ৰেলিয়াত প্ৰৱেশ কৰাৰ পিছতেই অষ্ট্ৰেলিয়াৰ প্ৰশাসনে খেলুৱৈজনৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰে ৷ অষ্ট্ৰেলিয়া চৰকাৰৰ এগৰাকী মন্ত্ৰী এলেক্সা এই সম্পৰ্কত কয়,অষ্ট্ৰেলিয়ানবাসীৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ তেওলোক দৃঢ় প্ৰতিজ্ঞ আৰু কোভিড-১৯ জনিত কাৰণতেই ন’ভাকৰ ভিছা বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷ উল্লেখ্য যে যোৱা ৫ জানুৱাৰীৰ দিনা অষ্ট্ৰেলিয়াত প্ৰৱেশ কৰি খেলুৱৈজনে অনুশীলন আৰম্ভ কৰিছিল ৷ একাংশ টেনিছ খেলুৱৈয়ে যদিও জ’ক’ভিকক খেলাৰ অনুমতি দিবলৈ অনুৰোধ জনাইছে অষ্ট্ৰেলিয়াৰ চৰকাৰে সেয়া মানি লোৱা নাই ৷

উল্লেখ্য যে বিশ্বৰ এক নম্বৰ খেলুৱৈ জ’ক’ভিকৰ দশমবাৰৰ বাবে অষ্ট্ৰেলিয়ান অপেন খিতাপ তথা ২১ তম গ্ৰেণ্ড শ্লামৰ সপোন এই নিষেধাজ্ঞাই ইতিমধ্যে ধূলিসাৎ কৰি দিছে৷স্মৰ্ত্তব্য যে জ’ক’ভিক আছিল এইবাৰৰ অষ্ট্ৰেলিয়ান অপেন টুৰ্নামেণ্টৰ শীৰ্ষ বাছনিৰ খেলুৱৈ ৷ অষ্ট্ৰেলিয়ান চৰকাৰে জ’ক’ভিকৰ ভিছা বাতিল কৰি মেলবৰ্ণৰ ডিটেনশ্বন কেম্পত চাৰি ৰাতি কটাবলৈ বাধ্য কৰোৱাৰ খবৰ পোৱা গৈছে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমযোগে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish