Sunday, January 23, 2022
HomeNationalRajnath Singh: ক'ভিডত আক্ৰান্ত ৰাজনাথ সিং, সংস্পৰ্শলৈ অহা সকলোকে ক'ভিড টেষ্টৰ আহ্বান

Rajnath Singh: ক’ভিডত আক্ৰান্ত ৰাজনাথ সিং, সংস্পৰ্শলৈ অহা সকলোকে ক’ভিড টেষ্টৰ আহ্বান

এইবাৰ ক’ভিডত আক্ৰান্ত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ শৰীৰত ক’ভিডৰ সামান্য লক্ষণে দেখা দিছিল। ক’ভিড টেষ্টৰ সময়তে ৰাজনাথ সিঙৰ দেহত ধৰা পৰে ক’ভিড পজিটিভ। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে নিজেই প্ৰকাশ কৰিছে এই কথা।

ইতিমধ্যে হোম কোৱাৰেণ্টাইনত আছে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী। যোৱা কেইদিনত ৰাজনাথ সিঙৰ সংস্পৰ্শলৈ অহা সকলোকে ক’ভিড টেষ্ট অথবা আইচলেট কৰাৰ আহ্বান জনাইছে।

উল্লেখ্য যে, ক’ভিডৰ দুয়োটা ড’জ লোৱাৰ পিছতো বহু লোক আক্ৰান্ত হৈছে ক’ভিডত। ইয়াৰ পূৰ্বে অসম চৰকাৰৰ মন্ত্ৰী পীয়ূষ হাজৰিকাও ক’ভিডত আক্ৰান্ত হৈ চিকিত্সাধীন জিএমচিএইছত। আনহাতে, বহুকেইগৰাকী বলীউডৰ তাৰকা আৰু ৰাজনীতিবিদৰ শৰীৰতো পোৱা গৈছে ক’ভিড।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish