Monday, October 18, 2021
HomeNationalFamily Clash: পৰিয়ালৰ মাজত ক্ষমতাৰ যুঁজ, ধ্বংস হৈ গ'ল এটা প্ৰভাৱশালী ৰাজনৈতিক...

Family Clash: পৰিয়ালৰ মাজত ক্ষমতাৰ যুঁজ, ধ্বংস হৈ গ’ল এটা প্ৰভাৱশালী ৰাজনৈতিক দল!

নিজৰ পৰিয়ালৰ মাজত খোৱা-কামোৰাৰ বাবেই সকলো হেৰুওৱাৰ উপক্ৰম হৈছে এটা প্ৰভাৱশালী ৰাজনৈতিক দলৰ। ক্ষমতাৰ বাবে বিহাৰত চলি থকা চিৰাগ-পাৰছৰ ৰাজনৈতিক যুঁজৰ মাজত নিৰ্বাচন আয়োগৰ কঠোৰ পদক্ষেপ। লোক জনশক্তি পাৰ্টীৰ নিৰ্বাচনী প্ৰতীক ফ্ৰীজ কৰিছে নিৰ্বাচনী আয়োগে। বিহাৰত দুখন বিধানসভা আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হব। উপ নিৰ্বাচনৰ পূৰ্বে লোক জনশক্তি পাৰ্টিৰ প্ৰতীক চিহ্ন ফ্ৰীজ কৰা হৈছে। খুৰাক পশুপতি পাৰছৰ সৈতে চলি থকা বিবাদৰ মাজত চিৰাগ পাছৱানে প্ৰতীকটোৰ বাবে দাবী জনাইছিল। ৰাম বিলাস পাছৱানৰ লোক জনশক্তি পাৰ্টী দখলৰ যুঁজত কেন্দ্ৰীয় মন্ত্ৰী পশুপতি পাৰছে নিৰ্বাচন আয়োগৰ ওচৰত মুখথেকেচা খালে। এতিয়া প্ৰতীক চিহ্নটো পশুপতি পাৰছ অথবা চিৰাগ পাছৱান গোট কোনেও ব্যৱহাৰ কৰিব নোৱাৰিব। নিৰ্বাচন আয়োগৰ ভাষ্য পশুপতি পাৰছ বা চিৰাগক এলজেপি চিহ্ন ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া নহ’ব। দুয়োটা দলে অন্তৱৰ্তীকালীন ব্যৱস্থা হিচাপে তেওঁলোকৰ প্ৰাৰ্থীসকলক নতুন নাম আৰু নিৰ্বাচনী প্ৰতীক আৱণ্টন কৰিব পাৰে।


উল্লেখ্য যে, লোকসভাত নিজকে সংসদীয় দলৰ নেতা হিচাপে ঘোষণা কৰাৰ পিছত পশুপতি পাৰছে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক গঠন কৰি নিজকে দলৰ অধ্যক্ষ হিচাপে ঘোষণা কৰিছিল। নিৰ্বাচন আয়োগৰ পৰা এলজেপিৰ নাম আৰু নিৰ্বাচনী প্ৰতীকৰ অনুপস্থিতি চিৰাগ পাছৱানৰ খুৰাক পশুপতি পাৰছৰ বাবে ডাঙৰ প্ৰত্যাহ্বান। ৰামবিলাস পাছৱানৰ মৃত্যুৰ পিছতো দলটো দ্বিখণ্ডিত হৈ পৰিছিল। ৰামবিলাস পাছৱানৰ সাংসদ পুত্ৰ চিৰাগ পাছৱানে লোৱা সিদ্ধান্ত অসন্তুষ্ট হৈ নিজকে দলৰ নেতা ৰূপে দাবী কৰিছিল। তাৰ মাজতে মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত পশুপতি পাৰছে সুযোগ লাভ কৰিছিল। বিবাদে চূড়ান্ত লোৱাৰ পিছত খুৰা আৰু ভতিজা দুয়োজনে প্ৰতীকটো দাবী কৰিছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish