Sunday, January 23, 2022
HomeNationalRepublic Day: গণতন্ত্ৰ দিৱস উদযাপনত সালসলনি কেন্দ্ৰীয় চৰকাৰৰ২৩ জানুৱাৰীৰ পৰা উদযাপন হ'ব...

Republic Day: গণতন্ত্ৰ দিৱস উদযাপনত সালসলনি কেন্দ্ৰীয় চৰকাৰৰ২৩ জানুৱাৰীৰ পৰা উদযাপন হ’ব গণতন্ত্ৰ দিৱস

মোডী চৰকাৰৰ নতুন পদক্ষেপ ৷ নতুন বর্ষত গনতন্ত্ৰ দিৱস সমাৰোহৰ এক নতুন দিন ধাৰ্য্য কৰিলে মোডী চৰকাৰে ৷ পূৰ্বৰ দৰে গনতন্ত্ৰ দিৱস সমাৰোহৰ দিন নতুন বৰ্ষত হ’ব সলনি ৷ কিন্তু মোডী চৰকাৰে হঠাৎ কিয় এনেধৰনৰ সিদ্ধান্ত ল’ব লগা হ’ল ? ২৩ জানুৱাৰী দিনটোৰ এনে কি বৈশিষ্ট্য আছে যিয়ে মোডী চৰকাৰক দিনটোক এক সমাৰোহৰ দিন হিচাপে সিদ্ধান্ত লব’লৈ বাধ্য কৰালে ৷ উল্লেখ যে পূৰ্বে গনতন্ত্ৰ দিৱস সমাৰোহৰ আৰম্ভনি ২৪ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল ৷ কিন্তু মোডী চৰকাৰে এতিয়াৰে পৰা গণতন্ত্ৰ দিৱস উদযাপনত সুভাষচন্দ্ৰ বসুৰ জন্ম জয়ন্তী দিনটো অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ পূৰ্বে, চৰকাৰে সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী পৰাক্ৰম দিৱস হিচাপে উদযাপন কৰা আৰম্ভ কৰিছিল।

দেশৰ গণতন্ত্ৰ দিৱস উদযাপন সমাৰোহত এক নতুন পৰিৱৰ্তন মোডী চৰকাৰৰ।মোডী চৰকাৰে গণতন্ত্ৰ দিৱস উদযাপনত সুভাষচন্দ্ৰ বসুৰ জন্ম জয়ন্তীক অন্তৰ্ভুক্ত কৰাৰ এই সিদ্ধান্ত লৈছে। পূৰ্বে চৰকাৰে সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তীক পৰাক্ৰম দিৱস হিচাপে উদযাপন কৰা আৰম্ভ কৰিছিল। ভাৰতৰ ইতিহাস আৰু সংস্কৃতিৰ সৈতে জড়িত বিশেষ ব্যক্তি সকলক স্মৰণ কৰিবলৈ মোডী চৰকাৰে এই সিদ্ধান্ত লৈছে।

উল্লেখ্য যে,বিজেপি চৰকাৰে বিগত বৰ্ষ সমূহতো কেইবাটাও তাৰিখক ৰাষ্ট্ৰীয় মহত্বৰ দিন হিচাপে ঘোষণা কৰিছিল। তাৰে ভিতৰত ১৪ আগষ্ট বিভাজন বিভীষিকা স্মৃতি দিৱস, ৩১ অক্টোবৰত চৰদাৰ পাটেলৰ জন্ম জয়ন্তীক ৰাষ্ট্ৰীয় একত্ৰীকৰণ দিৱস, ১৫ নৱেম্বৰত বিৰচা মুণ্ডাৰ জন্ম জয়ন্তীক জনজাতীয় গৌৰৱ দিৱস আৰু ২৬ নৱেম্বৰক সংবিধান দিৱস হিচাপে ইতিমধ্যে ঘোষণা কৰা হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish