Monday, October 18, 2021
HomeEntertainmentকিয় ৪ বছৰতে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত ল'লে সামান্থা আৰু নাগা চৈতন্যই?

কিয় ৪ বছৰতে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত ল’লে সামান্থা আৰু নাগা চৈতন্যই?

ৰূপালী পৰ্দাত বহু সফল চৰিত্ৰ ৰূপায়ণ কৰিলেও নিজৰ বৈবাহিক জীৱন চিৰস্থায়ী নহল ২ তাৰকাৰ। ব্যাপক আয়োজনেৰে বিবাহ অনুষ্ঠান আয়োজন কৰিলেও ক্ষণস্থায়ী হ’ল দুয়োৰে বৈবাহিক জীৱন। হয়, অনুৰাগীক আশাহত কৰি বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লৈছে দক্ষিণ ভাৰতৰ অতি জনপ্ৰিয় ২ তাৰকা সামান্থা আক্কিনেনি আৰু নাগা চৈতন্যই। ৪ বছৰীয়া বৈবাহিক জীৱন শেষ কৰি দুয়ো অকলে থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।


দুয়োগৰাকী তাৰকাই ২০১৭ চনত বিবাহপাশত আৱদ্ধ হৈছিল। ছ’চিয়েল মিডিয়াত দুয়ো সদৰি কৰিছে এই কথা। আমাৰ বন্ধুত্ব আমাৰ দুয়োৰে বাবে অতি বিশেষ হৈ থাকিব। এতিয়াৰে পৰা স্বামী আৰু পত্নী হিচাপে নহয়, দুয়ো নিজৰ পথ বাচনি কৰাৰ কথা উল্লেখ কৰে ছ’চিয়েল মিডিয়াত। সফল ৰোমাণ্টিক যুটী ৰূপে সততে পৰিচিত ২ তাৰকাৰ বিবাহ বিচ্ছেদ এতিয়া দাক্ষিণাত্যৰ চলচ্চিত্ৰ উদ্যোগত চৰ্চাৰ বিষয়। পাপাৰাজ্জীয়ে বিচৰাৰ চেষ্টা কৰিছে দুয়োৰে বিচ্ছেদৰ আঁৰৰ কাৰণ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish