ফটো ভাইৰেল! দুষ্টচক্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু ৰিছা ভৰদ্বাজৰ

0
229
Google search engine

বাৰীতে মাৰিম পাক গীতটিৰে ৰাতিটোৰ ভিতৰতে জনপ্ৰিয় হোৱা কণ্ঠশিল্পী ৰিছা ভৰদ্বাজ পৰিছে বিপদত। গায়িকাগৰাকীয়ে পাণবজাৰ মহিলা আৰক্ষী থানা আৰু ক্ৰাইম ব্ৰাঞ্চত দুটাকৈ গোচৰ ৰুজু কৰিছে। ৰিছা ভৰদ্বাজৰ অভিযোগ অনুসৰি সামাজিক মাধ্যমত তেওঁৰ ভাবমূৰ্তি বিনষ্ট কৰিবৰ বাবে কোনো দুষ্টচক্ৰই তেওঁৰ কিছু ফটো বিকৃত কৰি প্ৰকাশ কৰিছে।

ৰিছাই ফেচবুকত লিখে যে ”যোৱা ইং ১৪/২/২০২১ তাৰিখৰ পৰা কোনো দুষ্ট চক্ৰই মোৰ ফটো বিকৃত কৰি বিভিন্ন সামাজিক মাধ্যমত প্ৰচাৰ কৰি আহিছে। মই ইতিমধ্যেই সমগ্ৰ বিষয়টোৰ ওপৰত পানবজাৰ মহিলা আৰক্ষী থানাৰ লগতে Crime Branch ত গোচৰ ৰুজু কৰিছোঁ। মোৰ সামাজিক প্ৰতিচ্ছবি বিনষ্ট কৰিবৰ চেষ্টা কৰা এনে নিম্ন মানসিকতাৰ মানুহৰ বাবে মোৰ লগতে পৰিয়ালৰ সকলো ব্যক্তি মানসিক চাপত ভুগিবলগীয়া হৈছে। মোৰ সকলো শুভাকাংক্ষীক মোৰ ফালৰ পৰা অনুৰোধ জনালোঁ আপোনালোকে এই দুৰ্বৃত্ত সকলক চিনাক্ত কৰাত মোক সহায় কৰক। এই কামত জড়িত থকা লগতে এনে ফটো share কৰা সকলোকে কঠোৰ শাস্তিৰ বাবে প্ৰশাসনক অনুৰোধ জনাইছোঁ। আইনৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আৰু আস্থা আছে।”

এই সন্দৰ্ভত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হব লক্ষ্যণীয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here