Sunday, January 23, 2022
HomeEntertainmentআজি বলিউডৰ ' চান্দিনী'ৰ জন্ম দিন

আজি বলিউডৰ ‘ চান্দিনী’ৰ জন্ম দিন

বলিউডৰ ‘ চান্দিনী’ নামেৰে জনাজাত মোহময়ী অভিনেত্ৰী শ্ৰী দেৱীৰ আজি জন্ম দিন । সকলোৰে হৃদয়ত ৰাজ কৰা শ্ৰী দেৱীয়ে ১৯৬৩ চনৰ আজিৰ দিনটোতেই জন্ম গ্ৰহণ কৰিছিল। প্ৰায় ৪ বছৰ বয়সতে অভিনয় জগতত খোজ পেলাইছিল শিশু শিল্পী হিচাপে । ১৯৬৭ চনত তামিল ছবি ‘ কন্দন কৰুণ’ যোগেদি কৰ্ম জীৱনৰ পাতনি মেলিছিল শ্ৰী দেৱীয়ে ।

বলিউড জগতলৈ অহাৰ পূৰ্বে তেওঁ তামিল , তেলেগু , মালায়ালম আৰু কন্নড় ছবিত কাম কৰিছিল । শ্ৰী দেৱীয়ে বলিউডত প্ৰায় ৪ দশকত কৈও অধিক সময় দৰ্শকক নিজৰ অভিনয়েৰে মনোৰঞ্জন কৰিছিল । বিভিন্ন ধৰনৰ চৰিত্ৰত অভিনয় কৰাৰ উপৰিও তেওঁ ছবি পৰিচালনাও কৰিছিল ।


এই গৰাকী মোহময়ী অভিনেত্ৰী ২০১৮ বৰ্ষ ৰ ২৪ ফেব্ৰুৱাৰীত সকলোকে কন্দুৱাই তেওঁ অজান দেশ লৈ যাত্ৰাৰ পাতনি মেলে । আমাৰ কাষত নাথাকিলেও প্ৰতিজন ব্যক্তিৰ হৃদয়ত তেওঁ চিৰকাল থাকিব ।আজি তেওঁৰ জন্ম দিনটোত তেওঁক আমি সকলোৱে শ্ৰদ্ধাৰে সুৱৰিছোঁ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish