মাস্ক লগাই মেকআপ নষ্ট কৰিব নোৱাৰি ! ছানী লিয়নীয়ে ওলিয়ালে বিশেষ বুদ্ধি

ক'ৰোনা কালত নিজৰ লগতে পৰিয়ালটোক সুৰক্ষিত ৰাখিবৰ বাবে সকলোখিনি নীতি-নিয়মেই মানি চলিছে ছানী লিয়নীয়ে

0
101
Google search engine

বলীউডৰ মোহময়ী অভিনেত্ৰী ছানী লিয়নী নিজক লৈ খুব সচেতন। নিজৰ সৌন্দৰ্যৰ যাদুৰে অনুৰাগীসকলক সন্তুষ্ট কৰি ভালপায় ছানীয়ে। ক’ৰোনা কালত নিজৰ লগতে পৰিয়ালটোক সুৰক্ষিত ৰাখিবৰ বাবে সকলোখিনি নীতি-নিয়মেই মানি চলিছে ছানী লিয়নীয়ে। কিন্তু মাস্ক লগোৱা বাবে ছানীৰ ধুনীয়া মুখখন ঢাক খাই যায়, সেই কথাতে বৰ দুখ অভিনেত্ৰীগৰাকীৰ। তাতে মাস্ক লগালে মেকাআপো নষ্ট হয়।

সেয়েহে বুদ্ধিমতী ছানীয়ে এনে এখন মাস্ক মুখত লগাইছে, যি মাস্কে তেওঁক সুৰক্ষা দিয়াৰ লগতে মেকআপো নষ্ট নকৰে আৰু সম্পূৰ্ণকৈ মুখখনো প্ৰদৰ্শিত হয়। ছানী লিয়নীয়ে মাস্কখন পিন্ধি ফটোখন ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। তাত দেখা পোৱা গৈছে, অভিনেত্ৰীগৰাকীয়ে ট্ৰান্সপাৰেণ্ট মাস্ক লগাইছে। এই মাস্কে তেওঁৰ নাক-মুখ সকলোখিনি ধুনীয়াকৈ কভাৰ কৰিছে।

মাস্কখনে ছানীৰ ওঁঠ স্পৰ্শ কৰা নাই যাৰবাবে তেওঁৰ লিপষ্টিক নষ্ট হোৱা নাই। ট্ৰান্সপাৰেণ্ট মাস্কে ছানী লিয়নীক সুৰক্ষাও দিলে আৰু সৌন্দৰ্যও ধৰি ৰাখিলে। ফটোখনৰ কেপশ্বন লিখে ছানীয়ে এনেদৰে- ”মেকআপ নষ্ট নকৰাকৈ এই মাস্কৰ সৈতে মই সুৰক্ষিত হৈ আছো।” ছানীৰ এই ফটো খুব পচন্দ হৈছে তেওঁৰ অনুৰাগীসকলৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here