Monday, October 18, 2021
HomeWorldতালিবানৰ প্ৰধান শত্ৰু হৈ পৰিছে নেকি ভাৰত, তালিবানে ভাৰতৰ সৈতে আফগানিস্তানৰ বন্ধ...

তালিবানৰ প্ৰধান শত্ৰু হৈ পৰিছে নেকি ভাৰত, তালিবানে ভাৰতৰ সৈতে আফগানিস্তানৰ বন্ধ কৰিলে সকলো লেনদেন!

আফগানিস্তান দখলৰ পিছতে ভাৰতৰ বিৰুদ্ধে কঠোৰ হৈছে বৰ্বৰ তালিবান। ভাৰতৰ সৈতে সকলো ব্যৱসায়-বাণিজ্য বন্ধ কৰিলে তালিবানে। ভাৰত আৰু আফগানিস্তানৰ মাজত আমদানি আৰু ৰপ্তানিও বন্ধ কৰিলে তালিবানে। পাকিস্তান হৈ আফগানিস্তানলৈ যোৱা সকলো পথ বন্ধ কৰিলে তালিবানে। এটা এটাকৈ আন স্থানলৈ পলায়ন কৰা লোকৰ বাবে সকলো দুৱাৰ বন্ধ কৰিছে তালিবানে। আন দেশৰ পৰা কাবুল অভিমুখী আকাশী পথো ৰুদ্ধ কৰিছে তালিবানে।

উল্লেখ্য যে, প্ৰতি বছৰে ভাৰত আৰু আফগানিস্তানৰ মাজত বৃহত্ পৰিমাণৰ ব্যৱসায়িক লেনদেন হয়। আফগানিস্তানৰ পৰা মূলতঃ ড্ৰাই ফ্ৰুটছ, পিঁয়াজ আমদানি কৰে ভাৰতে। ইয়াৰ বিপৰীতে ভাৰতে মোবাইল টাৱাৰ, চেনি, দৰৱ, চাহ আৰু কফি ৰপ্তানি কৰে আফগানিস্তানলৈ। চলিত বৰ্ষত ৮৩৫ মিলিয়ন ডলাৰৰ সামগ্ৰী ভাৰতে ৰপ্তানি কৰিছিল আফগানিস্তানলৈ।

তাৰ বিপৰীতে আফগানিস্তানৰ পৰা ৫১০ মিলিয়ন ডলাৰৰ সামগ্ৰী আমদানি কৰিছিল ভাৰতে। শাসনাধিষ্ঠ চৰকাৰ ওফৰাই তালিবানে আফগানিস্তান দখলৰ পিছতে অৱনতি ঘটিছে দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ। আফগানিস্তান দখল কৰাৰ পিছতে তালিবানৰ কামকাজ গভীৰভাৱে পৰ্যবেক্ষণ কৰিছে ভাৰতে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish