Monday, October 18, 2021
HomeNationalদেশৰ সৰ্বশ্ৰেষ্ঠ কলেজ কোনখন জানেনে? NIRFৰ সৰ্বশ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ শীৰ্ষ তালিকাত নাই অসমৰ...

দেশৰ সৰ্বশ্ৰেষ্ঠ কলেজ কোনখন জানেনে? NIRFৰ সৰ্বশ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ শীৰ্ষ তালিকাত নাই অসমৰ এখনো মহাবিদ্যালয়

NIRF-এ প্ৰকাশ কৰিলে দেশৰ সৰ্বশ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ তালিকা। ২০২১ বৰ্ষৰ তালিকা আনুষ্ঠানিকভাবে সদৰি কৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। দেশৰ শ্ৰেষ্ঠ কলেজৰ স্বীকৃতি দিল্লীৰ মিৰাণ্ডা হাউছলৈ। পূৰ্বৰ ধাৰাবাহিকতা ৰক্ষা কৰি সুনাম অক্ষুণ্ণ ৰাখিছে মিৰাণ্ডা হাউছে। দিল্লীৰে লেডী শ্ৰীৰাম কলেজ ফৰ ৱমেনে লাভ কৰিছে দেশৰ দ্বিতীয় সৰ্বশ্ৰেষ্ঠ মহাবিদ্যালয়ৰ সন্মান। ইয়াৰ বিপৰীতে লয়লা কলেজে তৃতীয় স্থান, কলকাতাৰ চেণ্ট জেভিয়াৰ্ছ কলেজে দখল কৰিছে চতুৰ্থ স্থান। ৰামকৃষ্ণ মিছন বিদ্যামন্দিৰে পঞ্চম স্থান দখলৰ বিপৰীতে ষষ্ঠ স্থানত আছে PSGR কৃষ্ণকমল কলেজ ফৰ ৱমেনে। সপ্তম স্থানত চেন্নাইৰ প্ৰেচিডেঞ্চী কলেজ, অষ্টম স্থানত আছে চেণ্ট ষ্টিফেন কলেজ। দিল্লীৰ হিন্দু কলেজে নৱম স্থান দখল কৰাৰ বিপৰীতে শ্ৰীৰাম কলেজ ফৰ কমাৰ্চে দখল কৰিছে দশম স্থান।

দেশৰ সৰ্বশ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ স্বীকৃতি IISC বেংগালুৰুলৈ। শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ শিতানত দ্বিতীয় স্থানত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, তৃতীয় স্থানত বেনাৰস হিন্দু ইউনিভাৰ্চিটী। চতুৰ্থ স্থানত কলকাতা বিশ্ববিদ্যালয়, পঞ্চম স্থানত কইম্বাটোৰৰ অমৃতা বিশ্ব বিদ্যাপীঠ, ষষ্ঠ স্থান দখল কৰিছে জামিয়া মিলিয়া ইছলামিয়াই। মণিপাল একাডেমীয়ে সপ্তম স্থান দখল কৰাৰ বিপৰীতে অষ্টম স্থান দখল কৰিছে যাদৱপুৰ বিশ্ববিদ্যালয়ে। নৱম স্থানত হায়দৰাবাদ বিশ্ববিদ্যালয়, দশম স্থানত আলিগড় মুছলিম বিশ্ববিদ্যালয়।


দেশৰ সৰ্বশ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ তালিকাত IIT গুৱাহাটী। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়ে লাভ কৰিছে অষ্টম স্থান। দেশৰ সৰ্বশ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ স্বীকৃতি IIT মাদ্ৰাছলৈ। NIRF-এ প্ৰকাশ কৰিলে দেশৰ সৰ্বশ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ তালিকা। IISC বেংগালুৰু দ্বিতীয় স্থানত, তৃতীয় স্থানত আছে IIT বম্বে। আনহাতে চতুৰ্থ স্থানত আছে IIT দিল্লী, পঞ্চম স্থান দখল কৰিছে IIT কানপুৰে। ষষ্ঠ স্থানত IIT খৰগপুৰ, সপ্তম স্থানত IIT ৰুৰকী। নৱম স্থানত JNU থকাৰ বিপৰীতে দশম স্থান দখল কৰিছে কাশীৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ে।
ভাৰতৰ সৰ্বশ্ৰেষ্ঠ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ শীৰ্ষত IIT মাদ্ৰাছ। দ্বিতীয় শ্ৰেষ্ঠ IIT দিল্লী, তৃতীয় স্থান দখল কৰিছে IIT বম্বে। চতুৰ্থ স্থানত আছে IIT কানপুৰ, পঞ্চম স্থানত আছে IIT খৰগপুৰ, ষষ্ঠ স্থান দখল কৰিছে IIT ৰুৰকী। আনহাতে, IIT গুৱাহাটীয়ে দখল কৰিছে অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ সপ্তম স্থান। অষ্টম স্থানত IIT হায়দৰাবাদ, নৱম স্থানত আছে NIT তিৰুচিৰাপল্লীয়ে। তালিকাৰ দশম স্থানত আছে NIT সুৰতকলে।
দেশৰ শ্ৰেষ্ঠ মেনেজমেণ্ট শিক্ষানুষ্ঠানৰ শীৰ্ষত IIM আহমেদাবাদ। দ্বিতীয় স্থানত আছে IIM বেংগালুৰু, তৃতীয় স্থানত IIM কলকাতা। IIM কোঝিকোড়ে চতুৰ্থ স্থান দখল কৰাৰ বিপৰীতে পঞ্চম স্থান দখল কৰিছে IIT দিল্লীয়ে।
দেশৰ শ্ৰেষ্ঠ মেডিকেল শিক্ষানুষ্ঠানৰ স্বীকৃতি দিল্লীৰ AIIMSলৈ। দ্বিতীয় স্থান দখল কৰিছে চণ্ডীগড়ৰ PGIMER-এ, তৃতীয় স্থানত আছে ভেলোৰৰ CMC। বেংগালুৰুৰ NIMHNS-এ চতুৰ্থ স্থান দখল কৰাৰ বিপৰীতে পঞ্চম স্থানত আছে লক্ষ্ণৌৰ SGPIMS।

ভাৰতৰ শ্ৰেষ্ঠ ফাৰ্মাচী শিক্ষাৰ প্ৰতিষ্ঠান নতুন দিল্লীৰ জামিয়া হামদৰ্দ। দ্বিতীয় স্থানত চণ্ডীগড়ৰ পঞ্জাৱ বিশ্ববিদ্যালয়, তৃতীয় স্থানত পিলানীৰ বিৰলা ইনষ্টিটিউট অৱ টেকনলজী এণ্ড চায়েন্স। চতুৰ্থ স্থানত মোহালীৰ নেচনেল ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল এডুকেচন এণ্ড ৰিচাৰ্ছ। আনহাতে পঞ্চম স্থান দখল কৰিছে মুম্বাইৰ ইনষ্টিটিউট অৱ কেমিকেল টেকনলজীয়ে।


আৰ্কিটেকচাৰ প্ৰতিষ্ঠানৰ শীৰ্ষত আছে IIT ৰুৰকী, দ্বিতীয় স্থানত NIT কালিকট। তৃতীয় স্থান দখল কৰিছে IIT খৰগপুৰ, চতুৰ্থ স্থানত আছে দিল্লীৰ স্কুল অৱ প্লেনিং এণ্ড আৰ্কিটেকচাৰ দিল্লী। আনহাতে, আহমেদাবাদৰ চেণ্টাৰ ফৰ এনভাৰোনমেণ্টেল প্লেনিং এণ্ড টেকনলজী ইউনিভাৰ্চিটীয়ে পঞ্চম স্থান দখল কৰিছে।

দেশৰ শ্ৰেষ্ঠ ৰিচাৰ্ছ ইনষ্টিটিউটৰ প্ৰথম স্থানত IISC বেংগালুৰু। IIT মাদ্ৰাছে দ্বিতীয় স্থান, IIT বম্বে তৃতীয় স্থান দখল কৰিছে। চতুৰ্থ স্থানত IIT দিল্লী আৰু পঞ্চম স্থান দখল কৰিছে IIT খৰগপুৰ।


দেশৰ শ্ৰেষ্ঠ ডেণ্টেল কলেজ ৰূপে স্বীকৃতি লাভ কৰিছে ওড়ুপিৰ মনিপাল কলেজ অৱ ডেণ্টেল চায়েন্সে। দ্বিতীয় স্থানত পুনেৰ ড০ ডি ৱাই পাটিল বিদ্যাপীঠ, তৃতীয় স্থানত চেন্নাইৰ সবিতা ইনষ্টিটিউট অৱ মেডিকেল এণ্ড টেকনিকেল চায়েন্সে। চতুৰ্থ স্থান দখল কৰিছে দিল্লীৰ মৌলানা আজাদ ইনষ্টিটিউট অৱ ডেণ্টেল চায়েন্সে। পঞ্চম স্থান দখল কৰিছে লক্ষ্ণৌৰ কিং জৰ্জ মেডিকেল ইউনিভাৰ্চিটীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish