Monday, October 18, 2021
HomeWorldআজি বিশ্ববাসীয়ে সুঁৱৰিছে ক'লা 9/11ৰ দুঃসহ স্মৃতি

আজি বিশ্ববাসীয়ে সুঁৱৰিছে ক’লা 9/11ৰ দুঃসহ স্মৃতি

২০ বছৰ পূৰ্বে ২০০১ চনৰ ১১ ছেপ্টেম্বৰত বিশ্বৰ সৰ্ববৃহৎ শক্তি আমেৰিকা যুক্তৰাষ্ট্ৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ হৈছিল। নিউয়ৰ্কৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ সন্ত্ৰাসবাদীয়ে লক্ষ্য কৰি লৈছিল। বিশ্ব ইতিহাসৰ আটাইতকৈ ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত ২,৯৭৭ জন লোকৰ মৃত্যু হৈছিল। আল-কায়দাই এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল। ৯/১১ ৰ ভয়ংকৰ আক্ৰমণক তেতিয়াৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জৰ্জ বুশে আমেৰিকাৰ ইতিহাসৰ অন্ধকাৰ দিন বুলি অভিহিত কৰিছিল। আজি ৯/১১ কাণ্ডৰ ২০সংখ্যক বৰ্ষপূৰ্তি। আজি নিহতসকললৈ শ্ৰদ্ধাঞ্জলি আমেৰিকাবাসীৰ। আমেৰিকাৰ কেইবাগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি। প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্বে পেনছিলভেনিয়াৰ ফ্লাইট ৯৩ ৰাষ্ট্ৰীয় স্মাৰকত শ্ৰদ্ধাঞ্জলি জনায়।

ইয়াৰ লগতে ডালাচত জৰ্জ ডব্লিউ বুশ্বৰ পত্নী লাৰা বুশ্বে এখন তথ্যচিত্ৰ প্ৰদৰ্শনীতো অংশ গ্ৰহণ কৰে। প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা আৰু পত্নী মিছেল ওবামাই নিউয়ৰ্কত জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি। গ্ৰাউণ্ড জিৰ’ত অনুষ্ঠিত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ গ্ৰহণ কৰে ওবামা দম্পতীয়ে। ৱাশ্বিংটন ডিচিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সন্ত্ৰাসবাদৰ বলি নিৰীহলৈ শ্ৰদ্ধা জ্ঞাপন কৰে ৰাষ্ট্ৰপতি জো বাইডেনে। আনহাতে, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সন্ত্ৰাসবাদ আমেৰিকাই কেতিয়াও সহ্য নকৰে পুনৰবাৰ দেশখনৰ কঠোৰ স্থিতিৰ কথা দোহাৰিছে উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে। ২০০১ চনৰ ১১ ছেপ্টেম্বৰৰ সন্ত্ৰাসবাদীৰ বিমান আক্ৰমণে নিঠৰুৱা কৰিছিল বহু নিৰীহ পৰিয়ালক। বহুজনে হেৰুৱাইছিল আপোনজনক। প্ৰিয়জনক হেৰুৱাই পুনৰ এবাৰ শোকত ভাগি পৰিল আত্মীয়। ভয়াৱহ দিন সুঁৱৰি পুনৰ এবাৰ আবেগিক হৈ পৰিল সহস্ৰাধিক লোক।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish