অভিনেত্ৰী-সাংসদ নুছৰত জাহান গৰ্ভৱতী, স্বামী নিখিলে ক’লে-‘এই সন্তানৰ পিতৃ মই নহয়’!

0
34998
Google search engine

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সাংসদ নুছৰত জাহান মাতৃ হোৱাৰ দিশে আগবাঢ়িছে। ৬ মাহৰ গৰ্ভৱতী সুন্দৰী নুছৰত। এয়া কোনো ডাঙৰ খবৰ নহয় কিন্তু নুছৰত জাহান গৰ্ভৱতী হোৱা খবৰ বিতৰ্কৰ মাজত সোমাই পৰিছে।এইকেইদিন এই খবৰৰ বাবে নুছৰত জাহানে সংবাদ শিৰোনাম দখল কৰি আছে।

স্বামী নিখিল জৈনৰ সৈতে নুছৰত জাহান

নুছৰত জাহানৰ স্বামী নিখিল জৈনে দাবী কৰিছে যে এই সন্তানৰ পিতৃ তেওঁ নহয়। দুয়ো পৃথকে থকা বহুদিন হল গতিকে নুছৰতৰ সন্তানৰ পিতৃ তেওঁ হোৱাৰ প্ৰশ্নই নুঠে।আনকি নুছৰত মাতৃ হবলৈ ওলোৱাৰ খবৰ খোদ নিখিলে গম নাপাও বুলি কোৱাৰ লগতে পৰিয়ালৰ কোনো লোকেই গম নাপাও বুলি কয়।

প্ৰেমিক যশ দাসগুপ্তাৰ সৈতে নুছৰত জাহান

২০১৯ চনৰ ১৯ জুনত নিখিল আৰু নুছৰতৰ বিবাহ সম্পন্ন হৈছিল। কিন্তু তেওঁলোকৰ সুখৰ সংসাৰ বেছি দিন নিটিকিল। ২০২০ বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা নুছৰত নিখিলৰ পৰা আঁতৰি মাতৃগৃহত আছেহি। দুয়োৰে আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ হোৱা নাই যদিও দুয়ো অতি সোনকালে বিবাহ বিচ্ছেদ কৰাৰ সম্ভাৱনা। বৰ্তমান নুছৰত জাহান অভিনেতা যশ দাসগুপ্তাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে। নুছৰতৰ সন্তানটিৰ পিতৃ যশ দাসগুপ্তই হব বুলি স্বামী নিখিল জৈনে ইংগিত প্ৰদান কৰাৰ লগতে বহু লোকেই কৈছে যে যশেই নুছৰতৰ সন্তানৰ পিতৃ। পিছে সন্দৰ্ভত মুখ খোলা নাই নুছৰত জাহানে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here