Monday, October 18, 2021
HomeNationalAfghanistan: আফগানিস্তানত ভাৰতৰ বিনিয়োগকগৈ চিন্তিত নতুন দিল্লী...

Afghanistan: আফগানিস্তানত ভাৰতৰ বিনিয়োগকগৈ চিন্তিত নতুন দিল্লী…

আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে, ভাৰতে যোৱা 20 বছৰ ধৰি আফগানিস্তানত এক গণতান্ত্ৰিক ব্যৱস্থা গঢ়ি তোলাৰ বাবে চেষ্টা অব্যাহত ৰাখিছিল। ভাৰতৰ চৰকাৰে দুটা দশকত যুদ্ধবিধ্বস্ত দেশখনত বৃহৎ বিনিয়োগ কৰি এক গুৰুত্বপূৰ্ণ কৌশলগত সহযোগী হৈ আহিছে। ভাৰতে আফগানিস্তানত কিমান পৰিমাণৰ ধন বিনিয়োগ কৰিছিল আৰু এতিয়া তালিবানে আফগান দখল কৰাৰ পিছত কি হব ভাৰতৰ বিনিয়োগ। ভাৰতে আফগানৰ পথ, দলং, বিদ্যালয় আৰু ক্লিনিক নিৰ্মাণত 3 বিলিয়ন ডলাৰ বিনিয়োগ কৰিছিল।

আগষ্টৰ আৰম্ভণিতে তালিবানে আফগানিস্তানৰ জাৰাঞ্জ চহৰ দখল কৰাৰ পিছতহে নতুন দিল্লীৰ বৈদেশিক পৰিক্ৰমা আৰু বাণিজ্য মন্ত্ৰালয়ৰ বিষয়াসকল চিন্তিত হৈ পৰিছিল। কিয়নো ভাৰতীয় ধনেৰে নিৰ্মিত ২১৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ জাৰাঞ্জ-ডেলাৰাম ঘাইপথটো ইৰাণৰ সীমান্তৰ এই ৰাজধানী চহৰ নিমৰুজ প্ৰদেশৰ পৰা আৰম্ভ হৈছিল।

৬০০ কোটি টকা ব্যয়েৰে ঘাইপথনিৰ্মাণৰ সময়ত তালিবানে ইয়াৰ বিৰোধিতা কৰিছিল। এইবাৰ তালিবানে আফগানিস্তানত সম্পূৰ্ণৰূপে ক্ষমতা দখল কৰাৰ পিছত আফগানিস্তানৰ জাৰাঞ্জ-ডেলাৰাম ঘাইপথ এই মুহূৰ্তত ভাৰতৰ বাবে অন্যতম উদ্বেগহৈ পৰিছে। উগ্ৰপন্থীৰ আক্ৰমণৰ স্বত্বেও, ২০০৯ চনত এই ঘাইপথটো সম্পূৰ্ণ হোৱাৰ পিছত আৰু আফগানিস্তানক হস্তান্তৰ কৰাৰ পিছত ভাৰত-আফগানিস্তান বাণিজ্যৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিছিল। এইবাৰ তালিবান চৰকাৰে এই পথটোৰ বিষয়ে কি স্থিতি ল’ব সেয়া স্পষ্ট নহয়। ৰাজনৈতিক সূত্ৰই কৈছিল যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বৃহস্পতিবাৰে এক সৰ্বদলীয় বৈঠকত প্ৰকল্পটোৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছিল।

একেদৰে, ভাৰতে ইৰাণৰ চাবাহাৰ বন্দৰক আন্তৰ্জাতিক উত্তৰ-দক্ষিণ পৰিবহন কৰিডৰ সৈতে সংযোগ কৰি মধ্য এছিয়া, ইউৰোপ, আফগানিস্তানলৈ বাণিজ্য পথ মুকলি কৰাৰ সম্ভাৱনাৰ ওপৰত দৃষ্টি ৰাখিছিল। 7,200 কিলোমিটাৰ দীঘল আইএনএছটিচি বাণিজ্য পথত ভাৰত, ইৰাণ, আফগানিস্তান, আৰ্মেনিয়া, আজাৰবাইজান, ৰাছিয়া, মধ্য এছিয়া আৰু ইউৰোপৰ মাজত সামগ্ৰীৰ চলাচল অন্তৰ্ভুক্ত আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চাবাহাৰ বন্দৰক এই বাণিজ্য পথৰ সৈতে সংযোগ কৰাৰ দাবী জনাইছিল। কিন্তু এতিয়া তালিবানে আফগানিস্তান দখল কৰাৰ পিছত , মোডী চৰকাৰৰ বাণিজ্য মন্ত্ৰালয়ৰ বিষয়াসকলৰ সন্মুখত সমগ্ৰ বিষয়টো প্ৰশ্নবোধহৈ ওলমি আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish