Monday, October 18, 2021
HomeUncategorizedপ্ৰতিযোগিতা দৌৰত আসমীয়াতকৈ কিয় আগৰণুৱা বিহাৰী ?

প্ৰতিযোগিতা দৌৰত আসমীয়াতকৈ কিয় আগৰণুৱা বিহাৰী ?

UPSC আৰু বিহাৰী!

অসমৰ মানুহক যিদৰে অসমীয়া, কাশ্মীৰৰ খিনিক কাশ্মিৰী, হিমাচলৰ খিনিক হিমাচলী বুলি কয় সেইদৰে মই বিহাৰৰ মানুহক বিহাৰী বুলি কৈছোঁ। কোনেও যাতে ইয়াৰ দ্বিতীয় অৰ্থ উলিয়াই বিতৰ্কৰ সূত্ৰপাত নকৰে তাৰ বাবে প্ৰথমেই কথাটো স্পষ্ট কৰি দিছোঁ।

২০১৫ চনত মই মহাৰাষ্ট্ৰৰ ভিতৰুৱা গাঁও এখনত তিনি মাহৰ বাবে কেম্প কৰি আছিলোঁ। আচলতে গাঁও বুলি অলপ ভুল হ’ব, ঠাইডোখৰ পথাৰ আছিল। গাঁও শেষ হৈ পথাৰ আৰম্ভ হয়। তাতে এজন মই বিহাৰী সহকৰ্মী লগ পাইছিলোঁ। সহকৰ্মী মানে মোতকৈ চাকৰিত অলপ জুনিয়ৰ আছিল। আমি তাতে প্ৰথম চিনাকি। বিহাৰী সহকৰ্মী জনৰ আচৰণ বোৰ আছিল অলপ আচহুৱা। আচহুৱা বাবেই বাৰু আজি তেওঁৰ কথা লিখিব লগা হ’ল।

এটা চাকৰি কৰিয়ে আছে তথাপিও যেতিয়ায়ে আজৰি সময় পাই খুব কিতাপ পঢ়ে, মগজুটো সকলো সময়ত ব্যস্ত ৰাখে। এদিন দুপৰীয়া ভাত খাই অলপ শুইছোঁ, ৪৫ মিনিট মানৰ মূৰত ঘপকৈ তেওঁ উঠি মুখত পানী মাৰি কিতাপ পঢ়িব আৰম্ভ কৰি দিলে। মইও সাৰ পালো, গোটেই আবেলিটো আগত পৰি আছে শুবলৈ। অলপ দীঘলীয়াকৈ শুম বুলিয়ে বিচনাত পৰিছিলোঁ। তেওঁৰ আচহুৱা কাণ্ডটো দেখি মই সুধি দিলোঁ। মই বোলো কি হ’ল জাপ মাৰি উঠি দিলা যে ইমান ‘আৰ্জেন্ট’ পঢ়িব আছে নে! তেওঁৰ উত্তৰ আছিল হৈ গ’ল মোৰ টোপনি। মই বোলো শুইছিলা হে এতিয়া। তেতিয়া তেওঁ কৈছিল আমি বোলে সদায় অতিৰিক্ত শো‌। আমি শো আমাৰ মগজুক আৰাম দিবলৈ। আমাৰ মগজুৰ যেতিয়া আৰাম কৰা হৈ যায় তেতিয়া আমি সাৰ পাই যাওঁ, তাৰ পিছতো আমি যি শো‌ সেইয়া আচলতে অতিৰিক্তহে। আৰু যেতিয়া আমি সপোন দেখিব আৰম্ভ কৰোঁ তাৰ অৰ্থও মগজুৰ আৰাম শেষ হৈছে আৰু মগজু এতিয়া সক্ৰিয় হৈ কাম কৰিব আৰম্ভ কৰি দিছে। আমি শাৰীৰিক ভাবে একো কাম নকৰা বাবেই মগজুয়ে নিজেই সক্ৰিয় হৈ যায় আৰু শুই থাকোঁতে সক্ৰিয় হৈ কাম কৰি থকা বাবেই সপোন দেখি থাকোঁ। সপোন দেখালৈকে আমি আচলতে শুব নালাগে।

আমি যিহেতু কেম্প কৰি আছিলোঁ তাত স্থায়ী শৌচালয়, গা ধোৱা ঘৰ আদি নাছিল। ওচৰত পথাৰৰ মাজত দমকল এটা আছিল, ডেৰশ মিটাৰ মান খোজকাঢ়ি যাব লাগে। তাৰ পৰা পানী আনি আমি ব্যৱহাৰ কৰো। এদিন তেনেকৈ ৰাতিপুৱা আধা বাল্টি পানী লৈ মই ৰাতিপুৱাই প্ৰাতঃকৰ্ম ভাগ কৰিব গৈছোঁ। তেওঁ দেখি কৈছে ইমান পানী লৈ ক’ত যোৱা। মই বোলো ইমান পানী! ইমানখিনি পানী লাগেই। তেওঁ কৈছে গোটেই কামটো কৰিবলৈ মাত্ৰ দুমগ পানী লাগে। ধুবলৈ এমগ আৰু হাত ধুবলৈ এমগ। যদি পানী মাৰি আহিব লাগে সেইটো বেলেগ। মই বোলো দৌৰাদৌৰি সময়ত এইবোৰ ধেমালি ভাল নাপাওঁ। আহি কথা পাতি আছো। তেওঁ কৈছে আজিয়ে এবাৰ পৰীক্ষা কৰি চোৱা দুমগ পানীত হয় নে নাই। সঁচাকৈয়ে সেইদিনা মই নিজেই পৰীক্ষা কৰি দেখিলো। কৰো বুলি ক’লে দুমগ পানীতে হাত ধোৱালৈকে কৰি আহিব পাৰো। কিন্তু আমি মনৰ সন্তুষ্টি বাবে পানী ঢালিয়ে থাকোঁ। প্ৰাতঃকৰ্ম কৰি অহাৰ পাছত তেওঁ আকৌ ক’লে তেনেকৈ কোৱাৰ বাবে বেয়া নাপাব। আমি আচলতে ভাৰতত বহু অতিৰিক্ত পানী অপচয় কৰো সকলো কামত। পৃথিৱীৰ এনে বহু দেশ আছে যি এতিয়া পানীৰ অভাৱত ভুগি আছে। ভাৰতৰে চহৰত থকা মানুহে পানীৰ অভাৱ কি বুজি পাই। বৰ্তমান সময়তে চহৰত থকা মানুহৰ এটা ডাঙৰ টেনশ্যন হৈছে পানীৰ অভাৱ। আমি কম পানীত দৈনন্দিন কাম কেনেকৈ কৰিব পাৰো এতিয়ায়ে শিকিব লাগিব।

তেওঁৰ এই আচহুৱা কাণ্ডবোৰে মোক ভাবিব বাধ্য কৰালে। হয়তো মই আৰু দহ-বিশ বছৰৰ পাছত যিটো বুজিম তেওঁ এতিয়ায়ে বুজি পাইছে।

তেওঁও UPSC ৰ বাবে প্ৰস্তুতি চলাই আছিল। চাকৰিত কাম কৰাৰ পাছত যি সময় পাই তেতিয়া কিতাপ পঢ়ে। এদিন মই সুধিলোঁ মই বোলো দুটা কথা সোধো, ইমান ধুনীয়া এটা চাকৰি কৰি আছা আছা আকৌ UPSC কিয় আৰু দ্বিতীয় প্ৰশ্নটো হৈছে বিহাৰী মানুহে ইমান কিয় UPSC ত চিট পাই।

তেওঁ দুয়োটা প্ৰশ্নৰ উত্তৰ মিলাই কৈছিল। আমাৰ বিহাৰত স্কুল যোৱাৰ পৰা এইটো মনত সুমুৱাই দিয়া হয় পাছত UPSC দিব লাগিব। UPSC প্ৰাইমেৰী স্কুল, হাইস্কুল, কলেজ সকলোতে মুখে মুখে। পঢ়াত অলপ ভাল মানে UPSC দিব। আৰু সেই হিচাপত, তাক লক্ষ্য হিচাপে ৰাখিয়ে স্কুলৰ পৰা পঢ়াই। পাছত UPSC ৰ বাবে কি মূল শিক্ষা লাগে তাক স্কুলৰ পৰা শিক্ষকে কৈ যায়, পঢ়াই যায়। UPSC ৰ বাবে প্ৰস্তুতি কৰি থাকোঁতে বহুতে অন্য চাকৰি পালে কৰে কাৰণ সকলোৰে ঘৰৰ আৰ্থিক অৱস্থা একেই নহয়। পঢ়িবও লাগিব, ঘৰ চলাবও লাগিব। চাকৰি এটা কৰি থাকিলে দৰমহা এটাও পাই থকা হয়, পইচাৰ টেনশ্যনো নাই। আৰু নিশ্চিত হৈ UPSC ৰ প্ৰস্তুতি চলাব পাৰি। চাকৰি এটা পাই গ’লো বুলিয়ে এইটো অৰ্থ নহয় যে মই মোৰ আচল লক্ষ্য পাহৰি যাব। মোৰ আচল লক্ষ্য UPSC য়ে। মাজত কৰা চাকৰিটো পাৰ্ট টাইমহে চলি থাকিবলৈ।

তেতিয়া মোৰ মনলৈ আহিছে এওঁৰ নিচিনা মানসিকতা লৈ যদি সৰুৰে পৰা পঢ়ে ১০০০ জনে প্ৰস্তুতি চলালে তাৰ ২-৪ জনে চিট পোৱানো কি ডাঙৰ কথা। আমাৰ অসমত আমাকটো সৰুৰে পৰা ডক্টৰ আৰু ইঞ্জিনীয়াৰ হোৱাৰ সপোনে দেখুৱালে। পাছতহে গম পালোঁ ডক্টৰ, ইঞ্জিনীয়াৰ, শিক্ষক, বেংক মেনেজাৰ সকলোৱে UPSC দিয়ে। তেওঁলোকৰ শেষ লক্ষ্য ডক্টৰ, ইঞ্জিনীয়াৰ, শিক্ষক বা বেংক মেনেজাৰ নহয়। শেষ লক্ষ্য UPSC ক্লিয়াৰ কৰা। মানে আমি সৰুৰে পৰা জীৱনৰ সঠিক গাইড নাপালোঁ। আজিকালি দেখা যায়, এইবাৰো দেখিছোঁ যিসকলৰ পিতৃ-মাতৃয়ে ইতিমধ্যে UPSC বা ৰাজ্যৰ লোকসেৱা আয়োগত উত্তীৰ্ণ হৈ বিভিন্ন বিভাগত চাকৰি কৰি আছে তেওঁলোকৰ সন্তানে আকৌ UPSC বা ৰাজ্যৰ লোকসেৱা আয়োগত উত্তীৰ্ণ হৈছে। কাৰণ তেওঁলোকে সৰুৰে পৰা সেই গাইড পাইছে কেনেকৈ এই পথৰে যাত্ৰা কৰি সফল হ’ব পাৰি।

আমাৰ অসমত গুৱাহাটীৰ কোচিং চেণ্টাৰ কেইটাৰ বাদে স্থানীয় স্কুল-কলেজবোৰত UPSC বা ৰাজ্যৰ লোকসেৱা আয়োগৰ আভাস একেবাৰে দিয়া নহয়। দিবলৈ সেই বিষয়ে জানিব লাগিব, খবৰ কৰিব লাগিব। অতিৰিক্ত পৰিশ্ৰম কৰিব লাগিব অলপ। ছাত্ৰ-ছাত্ৰীক যদি আভাস দিবলৈ এইবোৰৰ বিষয়ে খবৰ কৰে হয়তো এনে হৈ যাবও পাৰে শিক্ষক জনে নিজেই এই পৰীক্ষা বোৰৰ প্ৰতি আগ্ৰহী হৈ যাব পাৰে। আৰু আগ্ৰহী হোৱা ভাল কথা। তেওঁ নিজেও প্ৰস্তুতি চলাওক আৰু ছাত্ৰ-ছাত্ৰীকো অলপ গাইড কৰক।

যোৱা ২৪ তাৰিখে ঘোষণা হোৱা UPSC ৰিজাল্টত IAS ত প্ৰথম স্থান লাভ কৰিছে বিহাৰৰ শুভম কুমাৰে। এতিয়ালৈকে খবৰ পোৱা মতে বিহাৰৰ ১৭ জনে UPSC ক্লিয়াৰ কৰিছে।

জানি আচৰিত হ’ব গোটেই ভাৰতত যিমানবোৰ IAS অফিচাৰ আছে তাৰ সকলোতকৈ বেছি IAS অফিচাৰ উত্তৰ প্ৰদেশ আৰু বিহাৰৰ।

বিহাৰী বুলি ক’লে আমি সাধাৰণতে পানীপুৰি বিক্ৰী কৰা বা কেঁচা চানা বিক্ৰী কৰা কেইজনক বুজোঁ। তেওঁলোকো বিহাৰী কিন্তু আচল বিহাৰীবোৰ আমি দেখা নাপাওঁ। আৰু এটা কথা কৈ থওঁ বিহাৰত বিজ্ঞান শাখাত খুব বেছি ছাত্ৰ-ছাত্ৰীয়ে পঢ়ে সেইবাবে নৌসেনা আৰু বায়ুসেনাতো বহুত বেছি বিহাৰী সকলে জইন কৰে। কাৰণ এই দুয়ো সেনাত যোগদান কৰিবলৈ ৯০ শতাংশতেই বিজ্ঞান শাখা লাগে। অন্য চাকৰিতকৈ এইবোৰ চাকৰিত সুবিধাও বেছি। সেইদৰে উত্তৰৰ ভাৰতৰ উত্তৰ প্ৰদেশ, হাৰিয়ানা, ৰাজস্থান, মধ্য প্ৰদেশ আদিৰ পৰাও খুব বেছি নিৰ্বাচিত হয়। অসম দুয়োটা ক্ষেত্ৰতেই বহু পৰি আছে। হয়তো সঠিক গাইডৰ অভাৱ নহ’লে প্ৰস্তুতি নচলাই। ঘৰৰ ওচৰতে শিক্ষকৰ চৰকাৰী চাকৰি এটা পালেই আৰামত জীৱনটো পাৰ হৈ যাব মানসিকতা এইটোও এটা কাৰণ হ’ব পাৰে। কাৰণ আমি সৰুৰে পৰা এনে এটা মানসিকতা লৈয়ে ডাঙৰ হৈছোঁ। আমাৰ দেউতা, খুড়া, বৰদেউতাহঁতে ঘৰৰ পৰা অহা যোৱা কৰিয়ে চাকৰি কৰিলে। আমি জানো পাৰিম নিজৰ ঠাই এৰি সেই ডাঙৰ ডাঙৰ চাকৰিবোৰ কৰিবলৈ। এই ভাবিয়েই প্ৰস্তুতি চলোৱা আগতেই আমি হাৰি যাওঁ। কিন্তু আমাৰ পৰিয়াল, আগন্তুক প্ৰজন্মক এখন বেলেগ আৰু উচ্চ সমাজলৈ নিবলৈ আমি অলপ বহলকৈ ভাবিব লাগিব, ডাঙৰ আশা মনত বান্ধি লৈ আগুৱাই যাব লাগিব। আমি পাৰিম; সঠিক গাইড, অনুশীলন আৰু কষ্ট কৰিলে নিশ্চয় পাৰিম। এবাৰতে অলিম্পিকত গৈ আমাৰ অসমীয়া জীয়ৰীয়ে পদক লৈ অনা নাই জানো। তাৰ বাবে যাব লাগিব, দূৰৰ পৰা চাই থাকিলে নহ’ব। এবাৰ যত্ন কৰি চোৱাত আপত্তি কিহৰ!

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish