Sunday, January 23, 2022
HomeNationalUttar Pradesh: বিজেপি ত্যাগ কৰা বিপদত স্বামী প্ৰসাদ মৌৰ্যগ্ৰেপ্তাৰী পৰোয়ানা জাৰি যোগী...

Uttar Pradesh: বিজেপি ত্যাগ কৰা বিপদত স্বামী প্ৰসাদ মৌৰ্যগ্ৰেপ্তাৰী পৰোয়ানা জাৰি যোগী মন্ত্ৰীসভা ত্যাগী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীলৈ

যোগীৰ দেশত যেন এতিয়া গেৰুৱা শিবিৰ এৰাৰ ধুম উঠিচে। মঙলবাৰে আদিত্যনাথ চৰকাৰে ৰাজ্যখনৰ দলিত, অ’বিচি আৰু প্রান্তিক লোকসকলৰ কাষত থিয় দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ তোলি যোগী মন্ত্ৰীসভাৰ কেন্দ্ৰীয় মন্ত্ৰী স্বামী প্ৰসাদ মৌৰ্যৰ সহ দুই বিধায়কে দল ত্যাগৰ কৰাৰ পিছতে আজি পুনৰ স্বামী প্ৰসাদ ঘনিষ্ঠ ৰাজ্যিক মন্ত্ৰী দাৰা সিং চৌহানে মন্ত্ৰীসভা ত্যাগ কৰে । পিছে বিজেপি ত্যাগ কৰি বিপদত পৰিছে
স্বামীপ্ৰসাদ।

কিয়নো যোগীয়ে মন্ত্ৰীসভা ত্যাগ কৰি অখিলেশৰ সৈতে হাত মিলোৱাৰ পিছতেই স্বামীপ্ৰসাদৰ বিৰুদ্ধে গ্ৰেপ্তাৰ পৰোয়ানা জাৰি কৰা হৈছে।
তেওঁ মঙলবাৰে যোগী আদিত্যনাথ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছিল আৰু সমাজবাদী পাৰ্টিত যোগদান কৰিছিল। ঘটনাক্ৰমে, বুধবাৰে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী স্বামীপ্ৰসাদ মৌৰ্যৰ বিৰুদ্ধে এটা সাত বছৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ পৰোয়ানা জাৰি কৰা হয়। তেওঁ ২০১৪ চনত হিন্দু দেৱতাসকলৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰিছিল।

উত্তৰ প্ৰদেশ বিধানসভাৰ প্ৰাক্তন বিৰোধী দলপতি স্বামীপ্ৰসাদ ২০১৪ চনত মায়াবাটিৰ দল বিএছপিত আছিল। সেই সময়তে তেওঁ হিন্দু দেৱতাসকলৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰিছিল। এখন আদালতে ২০১৬ চনত গোচৰটোত তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰ পৰোয়ানা জাৰি কৰিছিল। এলাহাবাদ উচ্চ ন্যায়ালয়ে স্বামীপ্ৰসাদৰ আবেদনস্থগিত কৰিছিল।

বুধবাৰে চুলতানপুৰৰ এখন আদালতে তেওঁৰ বিৰুদ্ধে নতুনকৈ গ্ৰেপ্তাৰ পৰোয়ানা জাৰি কৰে। প্ৰাক্তন মন্ত্ৰীজনে গোচৰটোৰ শুনানিৰ বাবে উপস্থিত হোৱা নাছিল বুলি অভিযোগ কৰা হৈছে। কিন্তু ন্যায়াধীশ যোগেশকুমাৰ যাদৱে তেওঁক ২৪ জানুৱাৰীলৈকে আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে।

এসময়ত মায়াৱতীৰ ঘনিষ্ঠ স্বামীপ্ৰসাদ দুটা কাৰ্যকালত উত্তৰ প্ৰদেশ বিধানসভাৰ বিৰোধী দলৰ নেতা আছিল। তেওঁ পূৱ উত্তৰ প্ৰদেশৰ পাদ্ৰোনাৰ পৰা একেৰাহে তিনিবাৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰিছে। তেওঁ বিএছপি এৰি ২০১৬ ৰ বিধানসভা নিৰ্বাচনৰ আগতে বিজেপিত যোগদান কৰিছিল। যোগী ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ পিছত চৰকাৰৰ শ্ৰম আৰু জন কল্যাণ মন্ত্ৰী হৈছিল। স্বামীপ্ৰসাদৰ জীয়ৰী সংঘমিত্ৰা বদাউনে সমষ্টিটোৰ পৰা বিজেপিৰ টিকটত যোৱা লোকসভা নিৰ্বাচনত জয়ী হৈছিল। স্বামীপ্ৰসাদৰ পিছত চাৰিজন বিজেপি বিধায়কেও মঙলবাৰে পদত্যাগ কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish