Sunday, January 23, 2022
HomeNationalPradhan Mantri Kisan Yojana : প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ ধন ঘূৰাই দিব লগা...

Pradhan Mantri Kisan Yojana : প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ ধন ঘূৰাই দিব লগা হ’ব পাৰে কৃষকে!

আপোনি প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ ধন লাভ কৰিছিল নেকি? পিএম-কিষাণ আঁচনিৰ দশম কিস্তিৰ অধীনত প্ৰাপ্ত ধন ঘূৰাই দিব লগা হ’ব পাৰে কৃষকে। এই আঁচনিৰ অধীনত কৃষকৰ একাউণ্টত বছৰি ৬০০০ টকা তিনিটা কিস্তিত২০০০ টকাকৈ প্ৰদান কৰা হয়। ২০২২ ৰ প্ৰথম দিনটোতেই কৃষকৰ একাউন্টত সোমাইছিল পিএম-কিষাণ আঁচনিৰ দশম কিস্তিৰ ধন। পিছে ৭ লাখৰো অধিক কৃষকে ঘূৰাই দিব লগা হ’ব পাৰে প্ৰধানমন্ত্ৰী কিষাণ যোজনা ধন। যদি তেওঁলোকে সময়মতে ধন ঘূৰাই নিদিয়ে তেন্তে কেন্দ্ৰই কৃষকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ সম্ভাৱনা আছে।

প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ দশম কিস্তি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১ জানুৱাৰীত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে মুকলি কৰিছিল। ২০২২ চনৰ প্ৰথম দিনটোত কৃষকৰ একাউণ্টত ধন প্ৰদান কৰা হৈছিল। ১০ কোটিতকৈও অধিক কৃষকৰ বেংক একাউণ্টত এই ধন জমা হয় । মুঠ 20,000 কোটি টকাতকৈ অধিক ধন জমা কৰা হয় কৃষকৰ একাউন্টত।

কিস্তি প্ৰক্ৰিয়াৰ শেহতীয়া সমস্যাৰ বাবে আঁচনিৰ দশম কিস্তিৰ অধীনত প্ৰাপ্ত ধন ঘূৰাই দিব লগা হ’ব পাৰে কৃষকে। উত্তৰ প্ৰদেশৰ ৭ লাখৰো অধিক কৃষকে ঘূৰাব দিব লগা হ’ব পাৰে এই ধন। যিসকল কৃষকে ধন ঘূৰাই দিব লগা হ’ব পাৰে তেওঁলোক হয়তু পি এম কৃষাণ যোজনাৰ ধন নগদ লাভালাভৰ বাবে যোগ্য নহয় অথবা তেওঁলোকৰ একাংশই আন ঠাইৰ পৰা উপাৰ্জনৰ বাবে আয় কৰ পৰিশোধ কৰিছে ।
যিসকল কৃষক টকা লাভ যোগ্য নহয় তেওঁলোকে টকা ঘূৰাই দিব লাগিব । হিন্দুস্তান টাইমছৰ এক প্ৰতিবেদনঅনুসৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচন শেষ নোহোৱালৈকে অযোগ্য হিতাধিকাৰীসকলক ধন ঘূৰাই নলব পাৰে কিন্তু নিৰ্বাচনৰ পিছত স্বেচ্ছাই টকা ঘূৰাই দিয়াৰ বাবে জাননী প্ৰাপ্ত কৰা আৰম্ভ প্ৰেৰণ কৰিব কৃষকলৈ। যদি তেওঁলোকে সময়মতে ধন ঘূৰাই নিদিয়ে তেন্তে কেন্দ্ৰই কৃষকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ অধিনত যিসকল কৃষকে ধন লাভ কৰিছে তাৰে বহু সংক্যক কৃষকেই ভুৱা বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish