Sunday, January 23, 2022
HomeNationalUtter Pradesh:‘‘সমতা ভোজ’’, দলিতৰ সৈতে এসাঁজ খিচিৰি যোগী আদিত্যনাথৰ

Utter Pradesh:‘‘সমতা ভোজ’’, দলিতৰ সৈতে এসাঁজ খিচিৰি যোগী আদিত্যনাথৰ

উত্তৰ প্ৰদেশত নিৰ্বাচনৰ দিন কাষ চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমূহৰ মাজত লাগিছে হুৱাদুৱা ৷ পূৰ্বৰ অপবাদ অভিযোগ খণ্ডন কৰিবলৈ বিভিন্ন কৌশল হাতত লৈছে মন্ত্ৰী নেতা সকলে ৷ দলটো ক্ষতিগ্ৰস্ত হোৱা কোনো সুযোগ এৰিব খোজা নাই দল সমূহে ৷ উত্তৰ প্ৰদেশত প্ৰায় সকলো প্ৰধান দলে দলিত ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ পাৰ্য্যমানে চেষ্টা কৰি থকা দেখা গৈছে । তাৰে এক উদাহৰন দেখা গ’ল যেতিয়া বিজেপিৰ প্ৰধানমন্ত্ৰী যোগীয়ে সমতা ভোজৰ নামত এটা দলিত পৰিয়ালৰ লগত এসাজ খাবলৈ বঢ়িল ৷ মন কৰিব লগীয়া যে উত্তৰ প্ৰদেশত বিজেপিৰ চৰকাৰৰ এখন “দলিত বিৰোধী” চৰকাৰ বুলি বিগত সময়ত অভিযোগ উত্থাপন হৈ আহিছে, যাৰ পৰিপেক্ষিততে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শুকুৰবাৰে এটা দলিত পৰিয়ালৰ সৈতে আহাৰ গ্ৰহণ কৰে আৰু বিৰোধী দল সমূহক এক প্ৰত্যুততৰ প্ৰদান কৰে । মকৰ সংক্ৰান্তি উপলক্ষে দলিত অমৃত লালৰ ঘৰত ‘সমতা ভোজ’ৰ নামত খিচিৰি খাই সমাজবাদী পাৰ্টিৰ লগতে কংগ্ৰেছক একপ্ৰকাৰে লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৷

দলিত পৰিয়ালৰ ঘৰত এসাজ খাই সমাজবাদী পাৰ্টিক সমালোচনা কৰিলে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। যোগী আদিত্যনাথে মন্তব্য কৰে যে যিসকলে পৰিয়ালতন্ত্ৰ আৰু স্বজনপোষণৰ ৰাজনীতি কৰে তেওঁলোক সামাজিক ন্যায়ৰ সমৰ্থক হ’ব নোৱাৰে। দুৰ্নীতি যিসকল লোকৰ দেহৰ জিনত অন্তৰ্ভুক্ত, তেওঁলোকে সামাজিক ন্যায়ৰ যুঁজত যুঁজিব নোৱাৰে। সামাজিক ন্যায় সেইয়াই য’ত বৈষম্যহীন ভাবে সমাজৰ প্ৰতিটো শ্ৰেণীয়ে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰে। সংখ্যালঘু সকলৰ বাবে কোনোধৰনৰ সামাজিক আৰু অৰ্থনৈতিক বৈষম্য থাকিব নালাগে। সমতা ভোজৰ পিছত মুখ্যমন্ত্ৰী যোগীয়ে বিজেপিৰ বিৰুদ্ধে থকা দলিত বিৰোধী অভিযোগক অস্বীকাৰ কৰি তেওঁ কয়, উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টি চৰকাৰৰ সমগ্ৰ পাঁচ বছৰৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত মুঠ ১৮,০০০ ঘৰ ৰাইজক দিয়া হৈছিল। আনহাতে বৰ্তমানৰ বিজেপি চৰকাৰে আঁচনিখনৰ অধীনত দৰিদ্ৰ আৰু দুখীয়া লোকসকলক ৪৫ লাখ ঘৰ দিছে, এইয়া আমাৰ বাবে এয়া সামাজিক ন্যায় সমাজবাদী পাৰ্টিৰ সময়তে দলিত সকলৰ বসতি দখল কৰিছিল পেছাদাৰী মাফিয়া সকলে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে যোৱা তিনিদিন ধৰি উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী স্বামী প্ৰসাদ মৌৰ্য, দাৰা সিং চৌহান আৰু ধৰম সিং চাইনী আৰু দলৰ আন পাঁচজন বিধায়কে পদত্যাগ কৰিছে বিজেপি দলৰ পৰা । তেওঁলোক সকলোৱে যোগী চৰকাৰৰ ওপৰত দলিত আৰু পিছপৰা লোকসকলক অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰিছে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish