Sunday, January 23, 2022
HomeRegionalহত্যা নে আত্মহত্যা?বনভোজ খাবলৈ নপঠোৱাৰ বাবেই বাচি ল'লে নেকি চৰম পথ?

হত্যা নে আত্মহত্যা?বনভোজ খাবলৈ নপঠোৱাৰ বাবেই বাচি ল’লে নেকি চৰম পথ?

পিতৃয়ে বনভোজ খাবলৈ নিদিয়াৰ বাবেই এগৰাকী কলেজীয়া ছাত্ৰীয়ে চিপ লৈ আত্মহত্যা কৰে। এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত পাথৰকুৱাৰীৰ বিষ্ণু নগৰত । মহানগৰী পাথৰ কুৱাৰী বিষ্ণু নগৰৰ বাসিন্দা তৰুণ শইকীয়াৰ কন্যা ভায়লিনা শইকীয়াই (১৯) গুৱাহাটী কলেজৰ কলা শাখাৰ স্নাতকৰ প্ৰথম সন্মাষিকত অধ্যয়ন কৰি আছিল।

ছাত্ৰী ভায়লিনা শইকীয়াই দেওবাৰে সতীৰ্থ ছাত্র ছাত্ৰীৰ লগত পানীখাইটিৰ হাতীশিলালৈ বনভোজ খাবলৈ যাব বিচাৰিছিল। নিৰাপত্তাৰ দোহাই দি পিতৃ তৰুণ শইকীয়াই কন্যাক বনভোজলৈ যাবলৈ বাধা প্ৰদান কৰে। ইয়াতে খড়্গহস্ত হৈ ভায়লিনাই ঘৰতে নিজকে আবদ্ধ কৰি ৰাখিছিল । দিনৰ ভাগত ঘৰৰ সদ্যসকল কৰ্তব্য স্থলীলৈ ওলাই যোৱাত ঘৰত কোনো নথকাৰ সুযোগ লৈ ভায়লিনাই স্নানাগাৰত চিপ লৈ আত্মহত্যা কৰে। বিয়লি পিতৃ কৰ্তব্য সমাধা কৰি ঘৰলৈ উভতি আহি স্নানাগাৰত কন্যা ভায়লিনাৰ মৃতদেহ ওলমি থকা প্ৰত্যক্ষ কৰি সৰগ ভাঙি পৰা যেন অনুভৱ কৰে। ঘটনা সন্দৰ্ভত পিতৃয়ে নুনমাটি থানাত খবৰ দিয়ে । আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতাদেহটো উদ্ধাৰ কৰি মাৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে। অমায়িক স্বভাৱৰ ছাত্ৰী গৰাকীৰ আকস্মিক মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। ইপিনে ছাত্ৰী গৰাকীৰ আত্মহত্যাৰ ঘটনা এক হত্যাকাণ্ড হ’ব পাৰে বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish